MoM, General Meeting and Kalaguru Bishnu Rabha Divas 2018

Ref: ASSAM SOCIETY / MOM / 2018_03

MINUTES OF MEETING

Date: 20th July, 2018, Time: 07-00pm to 09-15pm

Venue: Mumbai Hall, Indian Cultural Centre, Doha, Qatar

Subject: General Meeting, Pranjal’s farewell and Kalaguru Bishnu Rabha Mrityu Divas

ৰাইজলৈ সবিনয় প্ৰণাম,

কাটাৰ অসম সমাজৰ পূৰ্বনিৰ্ধাৰিত সাধাৰণ সভাখন 20th July, 2018 তাৰিখ শুক্ৰবাৰে সন্ধিয়া 7-00 বজাৰ পৰা নিশা 9-15 বজালৈ ICCৰ মোম্বাই হলত সকলো বিষয় ববীয়াসকলৰ সক্ৰিয় সহযোগ আৰু ৰাইজৰ উপস্থিতিত সুচাৰুৰূপে সমাধা হৈ যায় ৷ সভাৰ কাৰ্য্যক্ৰমনিকাৰ লগতে শ্ৰী প্ৰান্জল দেউৰীৰ বিদায় সম্ভাষণ আৰু কলাগুৰু বিষ্ণু ৰাভা দেৱৰ মৃত্যুদিৱসৰ সোঁৱৰণী অনুস্থান উদযাপিত হয় ৷ সভাত আলোচিত আৰু গৃহিত বিষয় সমুহ তলত উল্লেখ কৰা হৈছে –

১) কাটাৰ অসম সমাজে 23rd Aug. 2018 বৃহস্পতিবাৰে সন্ধিয়া ঈদ উদযাপন কৰিবলৈ সিদ্ধান্ত লয় ৷ স্থান : ICC, Ashoka Hall, সময় : সন্ধিয়া 5-30 বজাৰ পৰা ৷ ঈদৰ সমুহ কাৰ্য্য ক্ৰমনিকা অসম সমাজৰ সংস্কৃতি বিভাগৰ সম্পাদিকাই/সম্পাদকে লগহৈ তৈয়াৰ কৰিব; Sauqat, Hifzur, Zafrin, Abdulla আৰু Jamil Laskar-এ সক্ৰিয় ভাবে সহায় কৰিব ৷

২) কাটাৰ অসম সমাজৰ Website টো নাৰায়ণ দেৱ শৰ্ম্মা আৰু অনিল সোনোৱালৰ সহযোগত উন্নীত কৰা হ’ব ৷ সমাজৰ সদস্য বা তেওঁলোকৰ ল’ৰাছোৱালীয়ে লিখনি, ছবি, ফটো, ভিডিও, ইত্যাদি নাৰায়ণ আৰু অনিলক জমা দিলে তেওঁলোকে ৱেব চাইটত প্ৰকাশ কৰিব ৷ সমাজৰ সকলো মিটিং আদিৰ বিৱৰণী আদিৰ লগতে সদস্যসকলৰ পৰিয়ালৰ সৈতে সবিশেষ এই ৱেব চাইটত থাকিব ৷ ৱেব চাইটৰ read only access সকলোৰে থাকিলেও write access বিশেষ কেইজনমানৰহে থাকিব ৷

৩) যোৱ 3বছৰ ধৰি প্ৰকাশ বন্ধ হৈ থকা কাটাৰ অসম সমাজৰ স্মৰণিকা খনি ডিজিটেল আকাৰত উপৰোক্ত ৱেব চাইটত প্ৰকাশ কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ই-আলোচনীৰ বাবে লিখনি আদি আগস্ট মাহৰপৰা সংগ্ৰহ কৰা হ’ব ৷ কেৱল নিৰপেক্ষ ভাৱে প্ৰস্তুত কৰা বিষয়সমুহ (গল্প, কৱিতা, প্ৰৱন্ধ, ভ্ৰমনকাহিনী, কুইজ, আদি) গ্ৰহন কৰা হ’ব ৷ বিষয় সমুহ অসমীয়া, হিন্দি আৰু ইংৰাজী ভাষাত লিখা হ’ব লাগিব ৷ ছৱি, ফটো, ভিডিও, কাৰ্টুন, আদি গ্ৰহনীয় হব ৷ কণ কণ হঁতৰ অঁকা ছৱি আদি সংগ্ৰহ কৰা হ’ব ৷ এই সংগ্ৰহসমুহ ছমহীয়াকৈ ই-মেগাজিন হিচাবে কাটাৰ অসম সমাজৰ ৱেবচাইটত প্ৰকাশ কৰা হ’ব ৷ সংগৃহিত ছৱি, কাৰ্টুন আৰু ফটোসমুহ ৰঙালীবিহুৰ উদযাপনৰ দিনা প্ৰদৰ্শন কৰা হ’ব আৰু অংশ গ্ৰহন কৰোঁতা সকলক উপহাৰ দিয়া হ’ব ৷

৪) আই চি চিৰ 2019 চনৰ আৰম্ভনিত হ’ব লগা ”ভাৰত সাংস্কৃতিক উৎসৱ”ত (India Cultural Festival) কাটাৰ অসম সমাজে অংশ গ্ৰহন কৰিবলৈ লোৱা সিদ্ধান্ত সাধাৰণ সভাত প্ৰশংসিত আৰু গৃহিত হয় ৷ সংস্কৃতি বিভাগৰ সম্পাদিকা / সম্পাদক সকলে ইয়াৰ বাবে যাবতীয় প্ৰস্তুতি চলাব আৰু যথাসম্ভৱ উচ্ছমানৰ উপস্থাপন কৰিবলৈ চেষ্টা কৰিব ৷

৫) কাটাৰ অসম সমাজৰ স্মৰণিকাৰ চপা আদি খৰছৰ বাবদ 2015 চনৰ পৰা অনাদায় হৈ থকা মূল্যৰ বিপৰিতে QR.4500 আজিৰ সভাত মুকলি কৰি দিয়া হয় ৷ তদুপলক্ষে QR.2500 ড° ভূপেন্দ্ৰ শইকীয়াক আৰু QR.2000 জমীল লস্কৰক আদায় দিয়া হয় ৷

৬) সকলো ৰাইজক সমাজৰ অনুস্থিত সভাসমুহত নিৰ্ধাৰিত সময়ত উপস্থিত হবলৈ অনুৰোধ কৰা হয় ৷ সন্ধিয়া 6-00 বজাত আৰম্ভ হব লগা আজিৰ সভাখন সন্ধিয়া 7-00 বজাত আৰম্ভ কৰাত কিছু অসম্পুৰ্ণ ভাবেই নিশা 9-15 বজাত সামৰণি মাৰিব লগা হ’ল ৷ সভাত প্ৰস্তাৱ গৃহিত হয় যে পৰবৰ্তী সভা নাইবা অনুস্থান সমুহৰ যাবতীয় খৰছ আদি তদ্-সাময়িক হিচাপ অনুপাতে সকলো সদস্যৰ পৰা সংগ্ৰহ কৰা হ’ব ৷ সভ্যসকলে সেইমতে বিত্ত বিভাগৰ সম্পাদকৰ হাতত সেই মূল্য জমা দিব ৷ সভাত আৰু গৃহিত হয়যে বছৰেকীয়া সদস্য মাচুল (QR.100/ প্ৰতি সভ্য) সকলো সদস্যই অতি শীঘ্ৰে জমা দিব ৷ প্ৰতি বছৰে তলত উল্লেখ কৰাৰ দৰে সমজুৱাকৈ আটায়ে একলগ হোৱাৰ সিদ্ধান্ত সভাত লোৱা হয় – ঈদ, দীপাৱলী, মাঘবিহু/বনভোজ, ৰঙালী বিহু আৰু বছৰেকীয়া অন্তিম সাধাৰণ সভা (দায়িত্ব দিয়া/লোৱাৰ বাবে) ৷

৭) সভাত কাটাৰ অসম সমাজৰ পুৰনি সদস্য দীপক শৰ্ম্মাক তেওঁৰ পুনৰাগমনৰ বাবে আদৰণি জনোৱা হয় ৷ তেওঁ উল্লেখ কৰামতে অসম সাহিত্য সভাৰ প্ৰৱাসী (অলিখিত) শাখা খোলাৰ প্ৰস্তাৱ আটায়ে সমৰ্থন কৰে ৷ অসম সাহিত্যসভাৰ প্ৰতিনিধিয়ে যোগাযোগ কৰাৰ কথা, তাৰপিচতহে সকলো থিৰাং কৰা হ’ব ৷

৮) সভাত অসমলৈ উভতি যাবলৈ ওলোৱা শ্ৰীপ্ৰান্জল দেউৰীক সন্মান পূৰ্বক বিদায় সম্ভাষণ জনোৱা হয় আৰু প্ৰীতিৰ চিন স্বৰূপে কাটাৰ অসম সমাজৰ তৰফৰ পৰা তেওঁক এটি উপহাৰ প্ৰদান কৰা হয় ৷

৯) সদৌশেষত কলাগুৰু বিষ্ণু ৰাভা দেৱৰ মৃত্যুদিৱসৰ সোৱঁৰণত তেখেতৰ ছৱিত সশ্ৰদ্ধ পুস্প মালা অৰ্পণ আৰু সমুখত ধূপ আৰু বন্তি প্ৰজ্জ্বলন কৰা হয় ৷ সভাত ড° ভূপেন্দ্ৰ শইকীয়া আৰু সেইদিনাৰ সভাৰ বয়োজ্যেষ্ঠ অতিথি ড° ভূৱনেশ্বৰ ডেকাদেৱে কলাগুৰুৰ ওপৰত চমু বক্তৃতা দিয়ে ৷ অনুস্তুপীয়াকৈ হ’লেও এখনি সুন্দৰ ৰাভা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া অনুস্থিত হয় ৷ উক্ত অনুস্থানত বয়োজ্যেষ্ঠ্যা গায়িকা অলকা ডেকাৰ দুটি সুন্দৰ ৰাভা গীত পৰিবেশনৰ পিচতে ৰুমি গগৈ, পল্লৱী দাস, ৰুমঝুম শইকীয়া, ইলোৰা ডেকা, নিকু আৰু প্ৰান্জলেও ৰাভা গীত পৰিবেশন কৰে ৷

সংগীতানুস্থানৰ অন্ত পৰাত কাটাৰ অসম সমাজৰ বিষয়-ববীয়া, সভাত উপস্থিত বা অনুপস্থিত পৰোক্ষ বা প্ৰত্যক্ষ ভাবে সহায় সহযোগ যুগোৱা আটাইসকল সদস্যক ধন্যবাদ যাছি আৰু শলাগৰ শৰাই আগবঢ়াই কাটাৰ অসম সমাজৰ সভাপতিয়ে আজিৰ সভা আৰু অনুস্থান সাদৰণি মাৰে ৷

”একতা আৰু ৰাইজৰ সহায় সহযোগ অবিহনে এখন সমাজ সুচাৰুৰূপে চলিব নোৱাৰে ৷”

 

Leave a Reply

Your email address will not be published. Required fields are marked *